Wednesday, September 8, 2021

ভোক নলগা( অৰুচি) ANOREXIA OF LOSS OF APPETITE

 ভোক নলগা( অৰুচি) ANOREXIA OF LOSS OF APPETITE

ভোক নালাগিলে, আহাৰৰ প্ৰতি অনিচ্ছা আহিলেই অৰুচি বোলা হয়।

এই ৰোগ হোৱাৰ মুখ্য কাৰণ হল

কুষ্ঠকাঠিন্য, যকৃতৰ দুৰ্বলতা, অধিক ভোজন, দূষিত পদাৰ্থ খোৱা, অপৰিষ্কাৰ পানী খোৱাৰ কাৰণে এই ৰোগ হয়। কফি, চাহ মাদক দ্ৰব্য সেৱন আৰু পেটত কৃমি হলে অৰুচি বা ভোক নলগা হয়।

নিৰাময়


এই ৰোগৰ লক্ষণ সমূহ হল

সময়মতে ভোক নালাগে, পেট উফণ্ডি পৰে, কোনো বস্তুৰে সোৱাদ পোৱা নাযায়।

অলপতে ভাগৰ লাগে, জিভা ডাঠ অৰ্থাৎ মলিয়ন হয়।

এই ৰোগ নিৰাময় উপায় সমূহ হল

১/ তিনিটা জালুক পিচি তাত সামান্য খোৱা নিমখ মিহলি কৰি দিনটোত তিনিবাৰকৈ তিনিদিন খালে অৰুচি সম্পূৰ্ণ আৰোগ্য হয়।

২/ মান কচুৰ পাতত অলপ মিঠা তেল লৈ ধান খেৰৰ জুইৰ ওপৰত তাক সেঁকদি সেই জিভাত ঘহিলে জিভাৰ অৰুচি গুচে।

Neeramoy


৩/ আদা কাটি নিমখৰ লগত সানি পানীত গৰম কৰি তাত চেকি পানীখিনি খালে মুখৰ বা জিভাৰ অৰুচি নাইকীয়া হয় আৰু ভোক লাগে।

৪/ পানীত নেমুৰ ৰস মিহলি কৰী কেইদিনমান একেৰাহে খাব লাগে।

৫/ পদিনাৰ ৰস মৌৰ লগত মিহলাই খালে উপকাৰ হয়।

৬/ আমলখি ৰস উলিয়াই নিয়মীয়াকৈ খুৱাটো অতিকৈ প্ৰয়োজনীয়।

৭/ ত্ৰিফলা গৰম পানীৰ লগত মিহলাই কিছুদিন খালেই অৰুচি নাশ হয়।

৮/ মূলা কেঁচা পাতৰ ৰস উপকাৰী । পৰিমাণ ২৫ গ্ৰাম।

৯/ কলা নিমখ , মৌ জোল আৰু ডালিম মিহলি কৰি জিভাত লগাকৈ কিছু সময় ৰাখিব লাগে। এনে কৰিলে জিভাৰ সোৱাদ পুনৰ ঘূৰি আহে।

এই ৰোগৰ সময়ত কি কি খোৱা উপকাৰী

মহানিম, মানি মুনি, পদিনা, তুলসী, কাল মেঘ, শিলিখা, নহৰু, হালধি, ঔ টেঙা, কলডিল, ভেঁকুৰী, তেঁতেলি, আঙুৰ, ঘেঁহুৰ কেঁচা পাতৰ ৰস, ধনীয়া, লং, আম, অনাৰস, তৰমুজ, পকা বেল, মিচিমি, পুৰণা চাউলৰ ভাত আৰু আদা ইত্যাদি সমূহ অতিকৈ প্ৰয়োজনীয়।

এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী

টান বস্তু, শুকান বস্তু, সহজে হজম নোহোৱা খাদ্য বস্তু খোৱাৰ পৰা বিৰত থাকক। মল মূত্ৰ বেগ ৰোধ কৰিব নালাগে। অপৰিষ্কাৰ পানী, বাহি খাদ্য খোৱা বেয়া। জুইৰ ওচৰত নতুবা ৰদত বেছি সময় থাকিব নালাগে।