তনচিল TONSILITIS
এই ৰোগ হোৱাৰ মুখ্য কাৰণ সমূহ হল
সাধাৰণতে তেজৰ দোষতেই এই ৰোগ হয়। ঘোঁৰা হলখা ৰোগ হলেও তনচিল গ্ৰন্থি দুটা বগা বৰণৰ হয়।
![]() |
| তনচিল |
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
কোমল তালুৰ প্ৰান্তত দুয়োফালে যি দুটি তনচিল গ্ৰন্থি থাকে সেই দুটাত ঠাণ্ডা
লগিলেই ই বৃদ্ধি পায়। কেতিয়াবা পানী লগা হলেও এই গ্ৰন্থি বাঢ়ে। প্ৰথম অৱস্থাত জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়। খোৱা বোৱাত অসুবিধা হয়। মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হয়।![]() |
| Tonsilitis |
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ শিশু গছৰ ৫-৬ খন পাত খুন্দি তাৰ ৰস মিচিৰি সৈতে খাব লাগে।
২/ মাটি কঁঠালৰ কুমলীয়া ফল ধুই জুইত পুৰি পিছদিনা মিচিৰি লগত তাৰ ৰস খাব লাগে।
৩/ মনিছাল গুটিৰ বাকলিৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে।
৪/ তৰোৱা কদমৰ ছাল খুন্দি তাৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে।
৫/ তনচিল বাবে ডিঙিৰ বিষ হলে দুৰোণ শাক আঞ্জা কৰি খাব লাগে।
৬/ তৰোৱা কদমৰ ২০০ গ্ৰাম ওজনৰ ছাল খুন্দি দাঁতৰ আলু আৰু তনচিল হোৱাৰ বাহিৰৰ ফালে প্ৰলেপ দি আধা ঘণ্টা সময় ৰাখিব লাগে।
এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী
দুৰোন শাক তৰকাৰী কৰি আৰু পাতত দি খাব লাগে। নিমৰ পাত , মৌ, হুমথিৰা টেঙা উপকাৰী। নেমুৰ ৰস এই ক্ষেত্ৰত বেয়া নহয়।
এই ৰোগৰ কি কি খোৱা অনুপযোগী
টান বস্তু খাব নালাগে। চাহ, কফি, চেনী, আতা, ময়দা খোৱা নিষেধ। ডিঙিত ঠাণ্ডা নলগাকৈ গৰম কাপোৰেৰে বান্ধি ৰাখিব লাগে।

