Sunday, October 3, 2021

উপাঙ্গ প্ৰদাহ ( APPENDICITIS)

 উপাঙ্গ প্ৰদাহ ( APPENDICITIS)

এই ৰোগৰ মুখ্য কাৰণ সমূহ হল

কোষ্ঠবদ্ধতা , অতিৰিক্ত মাংস খালে , উপাঙ্গত মল জমা হলে , মাছৰ কাঁইট বা হাড়ৰ টুকুৰাই বিন্ধিলে উপাঙ্গ প্ৰদাহ হয়। বেছিকৈ আহাৰ খোৱাৰ কাৰণেও এই ৰোগ হব পাৰে। তিৰোতাতকৈ পুৰুষৰ, শিশু আৰু বৃদ্ধতকৈ যুৱকৰ , নিৰামিষতকৈ

আমিষ ভোজন কৰোঁতাৰ এই ৰোগ বেছিকৈ হয়।

উপাঙ্গ প্ৰদাহ ( APPENDICITIS)


এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল

পেটৰ সোঁ ফালে অসম্ভৱ বিষ আৰু ১০০ পৰা ১০১ ডিগ্ৰী পৰ্য্যন্ত জ্বৰ হয়। যকৃত আৰু প্লিহা বাঢ়ে। মূৰৰ বিষ, বমি বমি ভাৱ বা বমিও হয়। জিভা লেতেৰা হয়, কৌষ্ঠ কঠিন্য আদি লক্ষণে দেখা দিয়ে। ইফালে সিফালে লৰচৰ কৰিলে বিষ বেছি হয়। উপাঙ্গ ফাটি ৰোগীৰ মৃত্যু পৰ্য্যন্ত হব পাৰে। ৰোগী অজ্ঞান হৈও পৰে।

নিৰাময়


এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল

১/ পকা বিলাহী , সৈন্ধব লোণ আৰু আদা একেলগে মিহলি কৰি ভাত খোৱাৰ ১০ মিনিটৰ আগতে খাব লাগে।

২/ গাজৰৰ ৰস ২৫ গ্ৰাম পৰিমাণৰ দিনে ২ বাৰকৈ ৪/৫ দিন খালেই যথেষ্ট উপকাৰ পোৱা যায়।

বিঃ দঃ এই ৰোগ উচিত চিকিৎসা বা উন্নত চিকিৎসা কাৰণে চিকিৎসকৰ ওচৰত গলে অতি সোনকালে নিৰাময় হোৱাৰ সম্ভাৱনা থাকে।