মৃগী ৰোগ EPILEPSY
এই ৰোগ হোৱাৰ মুখ্য কাৰণ সমূহ হল
স্নায়ু দুৰ্বলতা কাৰণেই সাধাৰণতে এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি হয়।
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
আকস্মিক ভাৱে সংজ্ঞাহীন হৈ পৰে। মুখেৰে ফেন বাহিৰ হয় আৰু মুখেদি অবুজ শব্দ বাহিৰ হয়। হাতেৰে যি ঢুকি পায় তাকে ধৰিব বিচাৰে।
Neeramoy |
কিছুমানক মাটিত বাগৰি ফুৰাও দেখা যায়। কিছু সময়ৰ পিছতে জ্ঞান ঘূৰি আহে। জিভা কামুৰি ধৰে।
শৌচ প্ৰস্ৰাৱ আদিও সেই সময়ত হোৱা দেখা যায়। নিস্তেজ হয়।এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ পিয়াজ ৰস ৫০ গ্ৰাম ঠাণ্ডা পানীৰ সৈতে ৰাতিপুৱা খালে এই ৰোগ নিৰাময় হবলৈ আৰম্ভ কৰে।
২/ নহৰু খুন্দি তাৰ ৰস নাকেৰে উজাব লাগে । এনেদৰে কৰিলে ৰোগীয়ে তৎকালীন আৰাম পায়।
৩/ গাখীৰৰ লগত জেতুকা পাতৰ ৰস মিহলি কৰি ১০০ গ্ৰামকৈ খুৱালে যথেষ্ট উপকাৰ পোৱা দেখা যায়।
৪/ কোমোৰা বীজ ( গুটি) মৌ জোলৰ সৈতে খাব লাগে। এনে কৰিলে এই ৰোগত নিৰাময় অতি সোনকালে পোৱা যায়।
Neeramoy |
৫/ অনন্ত মূলৰ শিপা ধাৰণ কৰিলে তাৰ গোন্ধৰ ফলত সৰু লৰা ছোৱালীৰ মৃগী ৰোগ নিৰাময় হয়।
৬/ বক ফুলৰ পাতৰ গুঢ়ি আৰু জলুকৰ গুঢ়ি মিহলাই গৰুৰ মূতৰ লগত সানি নাকেৰে শুঙিলে মৃগী ৰোগ ভাল হবলৈ আৰম্ভ কৰে।
৭/ মহানিমৰ শিপা এডোখৰ সংগ্ৰহ কৰি সূতাৰে গাঁঠি হাতত পিন্ধিব লাগে মন কৰিব যাতে শিপা টুকুৰা ছালত চুই থাকে। এনেকৰিলে এই ৰোগৰ পৰা সোনকালে সুস্থ হবলৈ ধৰে।
৮/ নিসীন্দা পাতৰ ৰসত আফিং মিহলি কৰি নাকেৰে হুঙিব লাগে।।এনেদৰে তৎকালীন আৰাম পায় ৰোগীয়ে।
৯/ কেঁচা হালধি পুৰি তাৰ ধোঁৱা হুঙিলে মৃগী ৰোগ সোনকালে নিৰাময় হয়।
১০/ ব্ৰাহ্মী নাইবা মানি মুনি ৰস ৫০ গ্ৰাম আৰু কুঢ় গুৰা ১০ গ্ৰামৰ লগত মৌ মিহলি কৰি খাব লাগে।এইদৰেও ৰোগীয়ে বহু আৰাম অনুভৱ কৰে।
এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী
চজিনা, পুৰণা ঘিউ, পটল, নাৰিকল, দুবৰি বনৰ ৰস, জিকা, গৰম গুটি, কাছৰ মাংস, বচ গছৰ ৰস, চজিনাৰ শিপাৰ ৰস, ফল মূল, সেউজীয়া শাক পাচলি উপকাৰী। সপ্তাহত দুদিন উপবাস ৰাখিব লাগে।
এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী
কেৰেলা, পাত শাক, জ্বলা পোৰা খাদ্য বস্তু, মচলা, বিড়ী, চিগাৰেট, মদ, ভাং, ধপাঁত ইত্যাদি সমূহ অপকাৰী । উৰহি, মাটি মাহ, বৰা চাউল, নিমখ বেছিকৈ খোৱা বেয়া। সহবাসৰ পৰা কিছু দিন বিৰত থাকিল এই ক্ষেত্ৰত ভাল।