প্লীহা বা পিলাই বৃদ্ধি ENLARGED SPLEEN
এই ৰোগ হোৱাৰ মুখ্য কাৰণ সমূহ হল
তেজ অপৰিষ্কাৰ , এই ৰোগ হোৱাৰ প্ৰধান কাৰণ । মেলেৰিয়া জ্বৰ আৰু কলা জ্বৰত দীৰ্ঘদিন ধৰি ভুগিলে প্লিহা বৃদ্ধি হয়। প্লীহা বৃদ্ধি সাধাৰণতে উপসৰ্গহে।
এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল
প্লীহা বাঢ়ি যোৱাৰ কাৰণে পেটৰ বিষ হয়। খোৱা বোৱাত অসুবিধা হয়, মূৰ ঘুৰায়, শৌচ টান হয়, অৰুচি ভাৱ আহে, শৰীৰ দুৰ্বল হৈ পৰে। চকুৰ তলত চেলা উৰিৰ
Spleen |
ভিতৰ ফাল বগা হয়। শৰীৰত তেজ কম হোৱাৰ কাৰণে ছালৰ বৰণ নিস্তেজ হয়।
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ কেঁচা অমিতা আঠা এটোপালত অলপ চেনী দি খালে প্লীহা বৃদ্ধি ৰোগ ভাল হয়। অমিতা তৰকাৰী কৰি খালেও যথেষ্ট উপকাৰ পোৱা যায়।
Spleen |
২/ পিপলি গুঢ়া ১২ গ্ৰাম মৌৰ লগত মিহলি কৰি একেৰাহে ৮ বা ১০ দিন খালেই এই ৰোগ নিৰাময় হবলৈ ধৰে।
৩/ কেঁচা মূলা চকল কৰি কাটি তাত জালুকৰ গুঢ়ি মিহলাই অলপ সৈন্ধৱ নিমখ দি দিনে তিনি বাৰকৈ ৬ বা ৭ দিন খাব লাগে।
৪/ পকা আমৰ ৰস ৫০ গ্ৰাম, ২৫ গ্ৰাম মৌৰ লগত মিহলাই খালে প্লীহা বৃদ্ধি ভাল হয়।
৫/ চতিয়না গছৰ বাকলি পুৰি খাৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিলে প্লীহা বৃদ্ধি ৰোগ নাশ হয়।
৬/ পচতীয়া পাতৰ ৰস প্ৰতিদিনে ১২ গ্ৰামকৈ একেৰাহে এক সপ্তাহ খালে যথেষ্ট সুফল পোৱা যায়।
Spleen |
৭/ গাজৰৰ আচাৰ খালে প্লীহা বৃদ্ধি ৰোগ অতি সোনকালে নিৰাময় হবলৈ ধৰে।
৮/ ছাল কুঁৱৰীৰ ৰস ১২ গ্ৰাম অলপ হালধী গুঢ়ি মিহলি কৰি ১০ বা ১২ দিন খালে আৰোগ্য হয়।
৯/ নহৰু নাইবা পটলৰ শিপা খুন্দি পেটত প্ৰলেপ দিব লাগে।
১০/ চিৰতা চূণ ৰ পানীৰ লগত ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় হবলৈ আৰম্ভ হয়।
এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী
নহৰু, অমিতা, পুৰাকল, চজিনা, ভাত, কেৰেলা, ধনীয়া, জীৰা, বাহকৰ পাত, মৌ, ইলাচি, ডালিম, জিলমিল, জামুক আৰু জেতুকা পাতৰ ৰস ইত্যাদি সমূহ খোৱা অতিকৈ উপকাৰী।
এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী
পিঠা, দাইল খাব নালাগে। মাদক দ্ৰৱ্য আৰু টান বস্তু খোৱা বৰ্জন কৰা অতিকৈ দৰকাৰী। দূৰ ভ্ৰমণ আৰু অতি পৰিশ্ৰম কৰা কমাব লাগে।