গৰ্ভপাত ABORTION
সাত মাহৰ আগতে গৰ্ভ নষ্ট হোৱা গৰ্ভ পাত বোলে। ইয়াৰ পিছত হোৱা গৰ্ভ নষ্টক অকাল প্রসৱ হে বোলা হয়।
![]() |
Pregnancy গৰ্ভ ধাৰণ কৰা |
এই ৰোগৰ কাৰণ সমূহ হল
পেটত আঘাত পালে , গধূৰ বস্তু দঙা - মেলা কৰিলে, অতিৰিক্ত পৰিশ্ৰম, হঠাতে পৰি শৰীৰ ত দুখ পালে , স্বামীৰ
লগত সহবাস, মাদক দ্ৰব্য খালে, উত্তেজক ঔষধি সেৱন কৰিলে, শোক কৰিলে, অতি ভয় খালে, পেট চলিলে, কঁকালত টানকৈ কাপোৰ পিন্ধিলে, বসন্ত আদি ৰোগৰ কাৰণে এই ৰোগৰ হব পাৰে। শৰীৰত নানা দূষিত পদাৰ্থ জমা হৈ থাকিলেও গৰ্ভপাত হোৱা সম্ভাৱনা প্ৰকট হয়।এই ৰোগৰ লক্ষণসমূহ হল
শাৰীৰিক দুৰ্বলতা আহে, ঘনে ঘনে বমি হয়, তলপেট বিষ হয়, স্তন শিথিল হয়।
![]() |
যোনী গৰ্ভৱতী |
এই ৰোগ নিৰাময়ৰ উপায় সমূহ হল
১/ গৰ্ভপাত ৰ আশংকা থাকিলে বগা অপৰাজিতা ৰ ৪ ( চাৰি) আঙুল শিপা কঁকালত বান্ধিলে গৰ্ভপাত হোৱা ভয় অতিশয় কমি আহে।
২/ গৰ্ভধাৰণ হোৱা পাচত ৬২ গ্ৰাম চফগুটি গুৰি কৰি গোলাপ ফুলৰ গছৰ কাণ্ড পিহি মিহলাই অলপ পানী দি দিনে এবাৰকৈ একেৰাহে ৬/৭ দিন খালেই গৰ্ভপাত ৰোগৰ সুফল পোৱা যায়।
৩/ পদুম ফুলৰ চকা নিয়মীয়াকৈ খালে পুনৰ গৰ্ভপাত হব নোৱাৰে।
৪/ গৰ্ভপাত হওঁতে তেজ ওলালে বচ গছৰ ৰস খাব লাগে।
এই ৰোগত কি কি খোৱা উপযোগী
চজিনা , দুবৰি বনৰ ৰস, সহজে হজম হোৱা খাদ্য খোৱা উচিত।
এই ৰোগত কি কি খোৱা অনুচিত
বেছিকৈ চিন্তা কৰিব বা ভয় খাব নালাগে। গুৰূপাকি বস্তু, মাদক দ্ৰব্য, মাটি কঁঠাল, অমিতা, শিলিখা আদি খাব নালাগে। গৰ্ভধাৰণ হোৱাৰ পাছত এনে খাদ্য খালে গৰ্ভপাত হোৱা আশংকা বাঢ়ি যায়।
বিঃ দঃ
গৰ্ভপাত ৰ সময়ত পেটৰ বিষ আৰু ৰক্তশ্ৰাৱ হলে ১/৪ চামূচ ফিতকিৰি পিহী একাপ গাখীৰৰ লগত খালে গৰ্ভপাত বন্ধ হোৱাৰ উপৰিও পেটৰ বিষ আৰু ৰক্তশ্ৰাব নাইকীয়া হয়।