প্ৰস্ৰাৱ কৰা ( টোপনিত)
বহু লৰা ছোৱালীয়ে টোপনিত কব নোৱাৰাকৈ প্ৰস্ৰাৱ কৰা দেখা যায়। এনেদৰে প্ৰস্ৰাৱ কুৰি থাকিলে দূষিত পদাৰ্থ সমূহ ছালত লাগি পাছলৈ ছালৰ ক্ষতি কৰা দেখা যায় বা খৰ খজুৱতি হোৱা সম্ভাৱনা থাকে।
Neeramoy |
এনেধৰণৰ সমস্যাৰ নিৰ্মূল কৰাৰ উপায় হল
১/ এক গ্ৰাম আমলখি ৰস উলিয়াই তাত সম পৰিমাণৰ কলা জিৰা গুটিৰ ৰস লৈ
কিছু মিচিৰি মিহলি কৰি কেইদিনমান খালেই টোপনিত প্ৰস্ৰাৱ হোৱা সমস্যা দূৰ কৰিব পাৰি।২/ কলা জামুকৰ গুটি ৩ নতুবা ৪টা মান পিচি তাত সামান্য পানী মিহলাই দিনে ১ বাৰকৈ খালে টোপনিত প্ৰস্ৰাৱ কৰা সমস্যা নিৰ্মূল কৰিব পাৰে।
৩/ ১০০ গ্ৰাম তিলৰ লগত সম পৰিমাণৰ গুড় মিহলি কৰি দিনে ২ বাৰকৈ এক সপ্তাহ ডাঙৰ লৰা ছোৱালীক খাবলৈ দিলে টোপনিত প্ৰস্ৰাৱ কৰা সমস্যা পৰা আঁতৰাই ৰখা লগতে নিৰ্মূল হব আৰম্ভ কৰে। কেঁচুৱাৰ ক্ষেত্ৰত পৰিমাণ অলপ কমাই আধা কৰি দিব লাগে।