Saturday, July 10, 2021

BLOOD POISONING ৰক্ত বিকাৰ লক্ষণ আৰু নিৰাময় উপায়

 ৰক্ত বিকাৰ ( BLOOD POISONING)

এই ৰোগ হোৱাৰ কাৰণ সমূহ হল

বিভিন্ন কাৰণবশত তেজত থকা হিমগ্লবিন ৰ পৰিমাণ হ্ৰাস হোৱাৰ কাৰণে ৰক্ত বিকাৰ হয়। শৌচ প্ৰসাৱ জোৰেৰে বন্ধ কৰিলেও এই ৰোগ হয়।

এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল

ছাল নিস্তেজ হয়, শৰীৰ দুৰ্বল হয় আৰু বিভিন্ন ৰোগে দেখা দিয়ে।

এই ৰোগ নিৰাময় উপায় সমূহ হল

১/ নেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালে ৰক্ত বিকাৰ দুৰ হয় লগতে তেজ পৰিষ্কাৰ হয়।

ৰক্ত বিকাৰ ( blood poisoning)


২/ একাপ আমৰ ৰসত ( পকা আম) আধা কাপ গাখীৰ , এক চামুচ আদাৰ ৰস মিহলি কৰি তাত সামান্য চেনী দি নিতৌ এবাৰকৈ খালে তেজ পৰিষ্কাৰ হয়

৩/ ৬০ গ্ৰাম তিতা কেৰেলাৰ ৰস একাপ পানীত মিহলি কৰি কিছুদিন খালে তেজ

বিশুদ্ধ হয়।

৪/ কেই ডোখৰ মান কেঁচা হালধি পিহি এবাতি পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা সেই পানী খালে তেজ বিশুদ্ধ হয়।

৫/ কলীয়া কচুৰ ঠাৰি পাতত দি বা সিজাই খালে তেজ পৰিষ্কাৰ হয়।

৬/ গুৰ পানীৰ লগত বা চাহৰ লগত মিহলি কৰি খালে তেজ পৰিষ্কাৰ হয়।

৭/ শাওলতাৰ ৰস ২৪ গ্ৰামকৈ ৰাতিপুৱা খালে ৰক্ত বিকাৰ পৰা হাত সাৰিব পাৰে।

৮/ নিয়মীয়াকৈ হুমথিৰা টেঙাৰ ৰস ৫০ গ্ৰামকৈ খাব লাগে।

এই ৰোগত কি কি খোৱা দৰকাৰ

কলীয়া কচুৰ ঠাৰি, তিতা কেৰেলা , কৰ্দৈ , তুলসীৰ পাত, শেৱালী ফুল, হালধি, অৰ্জুন গছৰ ছালৰ ৰস উপকাৰী। চিৰতা , চেঙা মাছ, মধুৰি আম, কুচিয়া খোৱা ভাল। বগা বাহকৰ পাতৰ ৰস হুপথ্য । ঠাণ্ডা পানী যথেষ্ট পৰিমাণে খাব লাগে।

এই ৰোগত কি কি খোৱা অপকাৰী

মহৰ দৈ, বিড়ি, ধপাঁত, মাদক দ্ৰব্য, চাহ, কফি, ভেজাল খাদ্য খোৱাটো অতিশয় বেয়া।

এই ৰোগত লব লগা সাৱধানতা সমূহ হল

হাওঁফাওঁ লৈ দূষিত পদাৰ্থ যাবলৈ দিব নালাগে। কাৰ্বন ডাই অক্সাইড গেছ অতিশয় বেয়া। জোৰেৰে প্ৰস্ৰাৱ বন্ধ কৰি ৰাখিব নালাগে।

বিঃদঃ এই ৰোগৰ আৰু বিশেষ জানিবলৈ আমাক মেইল নতুবা কমেণ্ট কৰিব পাৰে।আমি এই ৱেবছাইটৰ জৰিয়তে যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ আমি চেষ্টা কৰোঁ । আমি আপোলোকৰ মাইল বা কমেণ্ট সদায় নিৰীক্ষণ কৰোঁ।আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰৰ বাবে সদায় সজাগ।