Sunday, August 16, 2020

Cold পানী লগা জ্বৰৰ পৰা কেনেদৰে নিৰাময় হব

Cold পানী লগা জ্বৰ

এই ৰোগ হোৱাৰ কাৰণ সমূহ হল
ঠাণ্ডা লাগিলে, বৰষুণত টিতিলে, নাকত ধূলি সোমালে সাধাৰণতে এই ৰোগ হয়। সাধাৰণতে ষ্ট্ৰেপটোকক্বাচ, ষ্টাফিলোক্কাচ, ইনফ্লুৱেঞ্জা ভাইৰাছ, নিউমোনিয়া আদি জীৱাণুৰ দ্বাৰা এই ৰোগ হয়। নাক আৰু মুখে দি এই ৰোগৰ জীৱাণুৰ দেহত প্ৰৱেশ কৰে।


এই ৰোগ হোৱাৰ লক্ষণ সমূহ হল

নাকেদি পানী ওলায় , জ্বৰ উঠে , হাঁচি আহে আৰু
গা বিষ হবলৈ ধৰে।
এই ৰোগ নিৰাময় কৰাৰ উপায় সমূহ হল
১/ কলা তিল আৰু সামান্য গুৰ মিহলি কৰি ৰাতি শোৱাৰ আগতে খালে পানী লগা প্ৰতিৰোধ কৰাৰ উপৰিও এই ৰোগৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰি।
২/ সৰিয়হ তেলত নহৰু ৪/৫ ফুটা খুন্দি অলপ গৰম কৰি নাকৰ ভিতৰত সুমুৱাই দি নাকৰ ভিতৰে বাহিৰে মালিছ কৰাৰ উপৰিও বুকুত মালিচ কৰিলে পানী লগা ভাল হবলৈ ধৰে।
৩/ পাৰ চৰাইৰ মাংসৰ লগত জালুক দি ৰান্ধি খালে ( জুলিয়া কৰি ৰন্ধিব লাগে) এনে কৰিলে পানী লগা জ্বৰ বহু পৰিমাণে শাম কাটে।

৪/ ৰাতিপুৱা কুহুমিয়া নিমখ পানীৰে মুখ কুলকুলিয়ায় কলীয়া তুলসী পাতৰ ৰস আৰু তাত মৌ মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়।
৫/ মৌ জোল ৰ লগত কেইটামান লং পিচী খালে বহুত আৰাম পোৱা যায় তদুপৰি পানীলগা জ্বৰ অতি সোনকালে নিৰাময় হয়।
৬/ সামান্য পৰিমানৰ পদিনা ৰস উলিয়াই অলপ পানীত মিহলি কৰি অলপ নিমখ দি খাব লাগে। এনে কৰিলে অতি সোনকালে এই ৰোগৰ পৰা মুক্ত হয়।
৭/ পাণৰ ৰস আৰু মৌ মিহলি কৰি দিনে ২ বাৰকৈ খাব লাগে। এনেদৰে এই ৰোগৰ পৰা নিলগত থাকিব পাৰি।
৮/ ৰাতি শোৱাৰ আগতে পানী নাখাই এটা ডাৱ নাৰিকলৰ পানী একে হুহাই খাব লাগে। তাৰ তিনি চাৰি ঘণ্টা পাচলৈ পানী নাখালে পানী লগা জ্বৰ সহজতে আৰোগ্য লাভ কৰিব পাৰি।
৯/ ইউকেলিপ্তচ গছৰ কেই খিলা মান পাত মোহাৰি নাকেৰে হুঙিব লাগে। এনে কৰিলে নাক হুপা মাৰি ধৰা ভাল হয়।
১০/ মৰাণ আদা কেইটোকুৰা মান চোবাই চোবাই খাব লাগে। এনেদৰে হোপা মাৰি ধৰা নাক খোল খোৱা উপৰিও পানী লগা জ্বৰ ভাল হয়।

এই ৰোগৰ সময়ত কি কি খোৱা উপযোগী

লঘূ আহাৰ ( light food) খাব লাগে। পাৰিলে উপবাস ৰখাটো ভাল। গৰম পানী খাব লাগে। গৰম পানী ব্যৱহাৰ কৰিব লাগে।

এই ৰোগৰ সময়ত কি কি খোৱা অনুপযোগী

ঠাণ্ডা খাদ্য বস্তু খাব নালাগে, আৰু গাত ঠাণ্ডা লগাব নালাগে। ঠাণ্ডা বতাহ বা ফেন চলাই হুবো নালাগে।

বিঃদঃ এই ৰোগৰ আৰু বিশেষ জানিবলৈ আমাক মেইল নতুবা কমেণ্ট কৰিব পাৰে।আমি এই ৱেবছাইটৰ জৰিয়তে যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ আমি চেষ্টা কৰোঁ । আমি আপোলোকৰ মাইল বা কমেণ্ট সদায় নিৰীক্ষণ কৰোঁ।আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰৰ বাবে সদায় সজাগ।